AHARAH, A Continuity

Created with by some folks at AMAR ROOM

About AHARAH

Today’s world is one of the immense progress in information technology. Still, the unprecedented progress made by human mind well into this hour of 21st century paradoxically betrays certain developments in reverse direction. It is like a lamp casting its darkness below. What is saddening amid this euphoria of advancements in information technology is the way in which the implements of science have been used to push man into the blind alley of perversion and hopelessness. Every components of audio vidual medium have been operationalized to alienate people from the fellow humans. Yet, amid untold troubles and concerns besetting humanity, there is always some undiminished illumination of hope. Beyond this crass rat race of quotidian life, humanity is still in some unwavering pursuit of beauty.
Social media is the most important media of our present time. This media, even as they enjoy burgeoning popularity, is not without its faults. At times, however, exhibitionism, unnecessary eloquence, redundant and pointless gossip seem to detract it from its sacrosanct social function. Aharah is our sincere endeavour to fight such popular propensities of media in order to carve out a dynamic and artistic way through which we can carry forward our social thought and intellectual intercourse. Aharah will be a non political platform that builds up a climate of healthy, intellectual engagements over affairs happening across such diverse terrains as culture, sports, even everyday life in our contemporary world. We must heartily welcome all these into this platform who wish to strengthen the bond of universal brotherhood without losing their root.

আমাৰ বিষয়ে

বৰ্তমান যুগ তথ্য-প্ৰযুক্তিৰ যুগ। একবিংশ শতিকাৰ এই ক্ষণত মানৱ মননৰ বিকাশ ক্ষীপ্ৰতৰ হোৱাৰ বিপৰীতে ক’ৰবাত যেন বিকাশৰ গতি ওলোটা। চাকিৰ তলতেই ঘোপমৰা আন্ধাৰৰ লেখীয়া,তথ্য-প্ৰযুক্তিৰ চৰম উন্নতিৰ সময়ত যেন বিজ্ঞানৰ আহিলাসমূহ মানুহক বিপথগামী অথবা নৈৰাশ্যবাদী কৰি তোলাত ব্যৱহৃত হৈছে। দৃশ্য-শ্ৰৱ্য মাধ্যমৰ প্ৰত্যেকটো সূক্ষ্ম উপাদানেই এতিয়া মানুহক মানুহৰ পৰা নিলগাই ৰখাৰ চেষ্টাত ব্ৰতী। তথাপি হাজাৰটা সমস্যাই জুৰুলা কৰি থকাৰ মাজতো ক’ৰবাত যেন আশাৰ প্ৰদীপ অহৰহ জ্বলি আছে। প্ৰাত্যাহিক জীৱনৰ নিগনি দৌৰৰ মাজতো মানৱ জাতিয়ে সুন্দৰৰ উপাসনাত অহৰহ ব্ৰতী হৈ আছে।
বৰ্তমান সময়ৰ আটাইতকৈ প্ৰভাৱশালী মাধ্যম হৈছে “ছছিয়েল মিডিয়া”। জনপ্ৰিয়তাৰ প্ৰায় শীৰ্ষবিন্দুত উপনীত হোৱা এই সমূহ মাধ্যম কিছু পৰিমানে বিসংগতিপূৰ্ণ । ক’ৰবাত প্ৰদৰ্শনকামিতাৰ ধামখুমীয়া, আকৌ ক’ৰবাত অপ্ৰয়োজনীয় বা অলাগতিয়াল কথাৰ পয়োভৰ। এই সমূহ বিসংগতি আঁতৰাই মানুহৰ চিন্তা চর্চাক এক গতিশীল আৰু কলাত্মক ৰূপ দিয়াৰ উদ্দেশ্যে আমাৰ আশাশুধীয়া প্ৰচেষ্টা “অহৰহ”। সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতিক, সাংস্কৃতিক,ক্ৰীড়া তথা দৈনন্দিন ঘটি থকা ঘটনা-পৰিঘটনা সমূহৰ ওপৰত সুস্থ পৰ্যালোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ সাধনাত ব্ৰতী “অহৰহ” এখন অৰাজনৈতিক মঞ্চ।
শিপা নেহেৰোৱাকৈ বিশ্বভ্ৰাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰি তুলিবলৈ আশা পুহি ৰখা প্ৰত্যেকজন ব্যক্তিকেই “অহৰহ”ৰ মজিয়াত স্বাগতম জনাইছোঁ।

“আকৌ নতুন প্ৰভাত হ’ব,
কাল ৰাত্ৰি নাথাকিব
নিউ নিউ কৰা ফেঁচাৰ চিঞৰ
শিয়ালৰ ৰাও আঁতৰিব।” – নির্মাল প্রভা বৰদলৈ (জয়ন্ত হাজৰিকা)